আজি বিশ্ব গঁড় দিৱস৷ সমগ্ৰ বিশ্বতে গঁড়ৰ পাঁচোটা প্ৰজাতিৰ সজাগতা সুৰক্ষাৰ বাবে 22 ছেপ্তেম্বৰৰ দিনটো গঁড় দিৱস হিচাপে পালন কৰা হয় ৷ পৃথিৱীৰ ৫ টা গঁড়ৰ প্ৰজাতি আফ্ৰিকা আৰু এছিয়াত বাস কৰে ৷ গঁড়ৰ এই পাঁচটা প্ৰজাতি হ’ল-

  1. জাভান গঁড়
  2. ক’লা গঁড়
  3. এশিঙীয়া গঁড়
  4. সুমাত্ৰীয় গঁড়
  5. শুকুলা গঁড়

2022 চনৰ বিশ্ব গঁড় দিৱসৰ বিষয়বস্তু হ’ল- “FIVE Rhino Species Forever”

এই বিশেষ দিনটোৱে বিভিন্ন সংস্থাসমূহ, বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনবোৰ, চিৰিয়াখানাসমূহে নাগৰিক সমাজলৈ তেওঁলোকৰ নিজৰ পদ্ধতিত গঁড় প্ৰজাতিটোৰ বাবে উৎসৱ উদ্‌যাপন কৰিবলৈ এক সুযোগ আনে ৷

বিশ্ব গঁড় দিৱসৰ ইতিহাস: ২০১০ চনত এইটো স্পষ্ট হৈছিল যে গঁড় কূলৰ দূৰ্দশাৰ বিষয়ে বিশ্বজুৰি লোকসকল অৱগত নাছিল৷ বহু লোকে এইটোও জনা নাছিল যে এই  প্ৰাণীবিধক সম্পূৰ্ণৰূপে হেৰুৱাৰ পথত আগুৱাই আমি কিমানদূৰ পালোহি ৷ সেই সময়ত প্ৰজাতিটোৰ অৱস্থা ইমানেই সংকটজনক আছিল যে সমগ্ৰ বিশ্বজুৰি মুঠ ৩০ হাজাৰটাতকৈও কম সংখ্যক গঁড়হে বাচি অছিলগৈ৷ সেয়ে বিশ্বত বাচি থকা গঁড় কেইটাক সুৰক্ষা প্ৰদান কৰাৰ প্ৰচেষ্টাৰে দক্ষিণ আফ্ৰিকাৰ ডব্লিউ ডব্লিউ এফে (WWF) বিশ্ব গড় দিৱসৰ ঘোষণা কৰে আৰু পৰৱৰ্তী কালত এই প্ৰচেষ্টাই সফলতা লাভ কৰে৷

ভাৰতৰ গঁড়ৰ বৰ্তমানৰ সংখ্যা: “ৱৰ্ল্ড ৱাইড ফান্ড ফৰ নেছাৰ—ইণ্ডিয়া”(WWF, INDIA)ৰ মতে ভাৰতবৰ্ষ হৈছে এনে এখন দেশ য’ত বিশ্বৰ ভিতৰতে এশিঙিয়া গঁড় আন দেশতকৈ অধিক পোৱা যায় ।আন এক ৰিপোর্টৰ মতে বৰ্তমান ভাৰতবৰ্ষত ৩০০০ গঁড় আছে, যাৰ পৰিমান সকলোতকৈ বেছি অসমৰ কাজিৰঙাৰ আৰু মানস ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়। ইয়াৰ ওপৰিও এই বিধ গঁড় পশ্চিম বংগ আৰু উত্তৰ প্ৰদেশত পোৱা যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here